৫ আগষ্ট তাৰিখে খোলা হ’ব GYM.

সমগ্ৰ ৰাজ্যখনত কৰোনা মহামাৰীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু যাৰ কাৰণে সমগ্ৰ ৰাজ্যখনতে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত, যোৰহাটত আৰু গোলাঘাট জিলাত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত,এই ঠাইসমূহত পুনৰ লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছিল। কিন্তু গুৱাহাটী মহানগৰীৰ পৰিৱেশ পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী মহানগৰীত আনলক কৰিছিল। আৰু বৰ্তমান সময়ত  গুৱাহাটী মহানগৰী গোলাঘাট আৰু বিশেষকৈ যোৰহাট আদিকে ধৰি সমগ্ৰ ৰাজ্যখনতে আনলক ৩ প্রক্ৰিয়া চলি আছে। আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৫ আগষ্টৰ পৰা খোলা হ’ব GYM আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিহে এই GYM সমুহ খোলা থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *