ভাৰতত কৰোনা ৰোগীৰ সংখ্যা ৬ লাখৰো অধিক, যিকোনো সময়তে ৰাছিয়াক পিছ পেলাব পাৰে।

দেশত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান সময়ত ভাৰতত কৰোনা ৰোগীৰ সংখ্যা ৬ লাখ অতিক্ৰম কৰিছে। মহাৰাষ্ট্ৰ, তামিলনাডু‌ আৰু দিল্লীত দ্ৰুত গতিত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰৰ ৰাতিত কৰোনা ৰোগীৰ সংখ্যা অনুযায়ী প্ৰায় ৬ লাখ ৪ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। তাৰ পিছতেই ৰাছিয়াৰ পৰা প্ৰায় ৫০ হাজাৰ ৰোগীৰ সংখ্যা ভাৰতত বৰ্তমান সময়ত কম বুলি প্ৰমাণিত হয়। উল্লেখযোগ্য যে আমেৰিকা, ব্ৰাজিল আৰু তাৰ পিছতেই কৰোনা ৰোগীৰ সংখ্যাত নাম আছিল ৰাছিয়াৰ।                                                          ভাৰতত মুঠ কৰোনা ৰোগীত আক্ৰান্ত হোৱা তাৰ বিপৰীতে ৯০ শতাংশ ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে মহাৰাষ্ট্ৰত, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা আৰু কৰ্ণাটকত। গতিকে এই ১০ খন ৰাজ্যত কৰোনা ৰোগীত আক্ৰান্ত হোৱা বেছি পৰিলক্ষিত হোৱা দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *