Site icon Assam Today

বিয়া কৰাই দিবলৈ কিয় ইমান সতাহ হৈ পৰিছিল ল’ৰাটোৱে ?

হঠাৎ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। নিজৰ বিয়া, পত্নী ইত্যাদিক লৈ চিন্তিত হৈছিল এটা শিশু। শিশুৰ কণ্ঠ হোৱাৰ বাবে শুনিবলৈ শুৱলা হোৱাত বহু লোকে সেই ভিডিঅ’টো দেখি হাঁহিছিল। কিছু লোকে শ্বেয়াৰ কৰিছিল। লিখিছিল শিশুটোৰ কথা। কিন্তু আচলতে সেই ভিডিঅ’টো দেখি তাক সাধাৰণ দৃষ্টিৰে চোৱাৰ সলনি বিভিন্ন লোকে মনোবিজ্ঞানৰ দিশেৰে চাবলৈও আৰম্ভ কৰিছে।

শেহতীয়াকৈ এই প্ৰসংগত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শৈশৱ আৰু প্ৰাপ্ত বয়স্কৰ মাজৰ সন্ধীক্ষণত শিশুৰ হৰমনৰ পৰিবৰ্তন ঘটে বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে। তেওঁ কয়, ”এই সময়ত কিশোৰ-কিশোৰীৰ দেহত হৰমন বাঢ়ে। হৰমন বাঢ়ি অহাৰ বাবে কিশোৰ-কিশোৰীৰ আকৰ্ষণ বাঢ়ি আহে। যাক ‘infatuation’ বুলি কয়। কেতিয়াবা তাকে প্ৰেম বুলি আমি ভুল কৰো।”

লকডাউনৰ সময়ত শিশুৰ মানসিক বিকাশ হোৱা নাই বুলিও কয় চিকিৎসকগৰাকীয়ে। এনেক্ষেত্ৰত শিশুৰ

Exit mobile version