Site icon Assam Today

বানপানীৰ‌ কবলত পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু মৃত্যু হ’ল প্ৰায় 51 টাকৈ বন্য প্ৰাণীৰ।

সমগ্ৰ ৰাজ্যখনে বানপৰিস্থিৰ বাবে এক হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছে। এফালে কৰোনা মহামাৰী আৰু আনফালে বানপানীৰ তান্ডব পৰিস্থিতি।         বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় 100 শতাংশই  বানপানীত বুড় গৈছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত থকা সকলো বন্যপ্ৰাণীয়ে এতিয়া দিশহাৰা আৰু হাহাকাৰ অবস্থা সন্মুখীন হ’বলগীয়া হৈছে।অসহায় বন্যপ্ৰাণীয়ে আশ্ৰয় শিবিৰ হিচাপে স্থান লৈছে মানুহৰ বাসগৃহত। আৰু বিশেষকৈ বন্য প্ৰাণীসমূহে ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ আতংকৰ সৃষ্টি কৰিছে। আৰু ‌‌‌‌‌‌‌‌‌‌‌শংকিত হৈ পৰিছে মানুহৰ লগতো বন্য প্ৰাণীৰ জীৱন।

Exit mobile version