Site icon Assam Today

গোলাঘাট চহৰত লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিলে।

অসমত যেনেকৈ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী মহানগৰ আৰু যোৰহাটত লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। আৰু তাৰ পিছতেই গোলাঘাট জিলাৰ প্ৰশাসনিক বিষয়া সকলে গোলাঘাট চহৰত লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিছে। কিয়নো গোলাঘাটত কোনো ধৰণৰ ট্ৰেবেল যাত্ৰা নোৱাকৈ গোলাঘাট চহৰত মুঠ কৰোনা ৰোগীৰ সংখ্যা 63 গৰাকীলৈ বৃদ্ধি পায়। আৰু তাৰ পিছতেই গোলাঘাট জিলাৰ প্ৰশাসনিক বিষয়া সকলে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰু বিশেষকৈ গোলাঘাট চহৰৰ আলু বেপাৰীৰ দেহত আজিলৈকে কৰোনা ৰোগত আক্ৰান্ত হোৱা দেখা যায় মুঠ 6 গৰাকী লোক। আৰু যাৰ কাৰণে গোলাঘাট জিলা প্ৰশাসনে গোলাঘাটত আজিৰ দিনটোৰ পৰা অৰ্থাৎ ৯ জুলাইৰ পৰা ১৭ জুলাই তাৰিখলৈ সময়-সীমা কটকটীয়া কৰিলে। গোলাঘাটত মুঠ ৮ দিনৰ বাবে লকডাউনৰ সময় সীমা নিৰ্ধাৰিত কৰিলে।

Exit mobile version